iMac-assamese wikipedia
জ্ঞান বিস্তাৰ আৰু জ্ঞান আহৰণৰ অৰ্থে ৱিকিপিডিয়া তথা অসমীয়া ৱিকিপিডিয়াত (as.wikipedia.com) লিখিবলৈ (/সম্পাদনা কৰিবলৈ) লৈছিলো এনে এটা ভাব ৰাখি যে কোনো প্ৰাপ্য নিবিচৰাকৈ আৰু কোনেও নজনাকৈ কিছু ভাল কাম কৰি যাওঁ; কিন্তু লাহে লাহে গম পালো— ৱিকিপিডিয়াতো কোনোবা এজনে কিমান বৰঙণি আগবঢ়াইছে, অৰ্থাৎ কোনটো প্ৰবন্ধত কোনখিনি সম্পাদনা কৰিছে, কোনটো প্ৰবন্ধ প্ৰথমে নিজে আৰম্ভ কৰিছে আদি কথাবোৰ চব জানিব পাৰি আৰু আনেও জানিব পাৰে। অসমীয়া ৱিকিপিডিয়াত মোৰ বৰঙণি অতিশয় নামমা্ত্ৰ যদিও এতিয়া ইয়াত সম্পাদনাৰ ক্ষেত্ৰত নিজক অতিক্ৰম কৰাৰ মনোভাৱ এটা মোৰ মনত গঢ়লৈ উঠিছে।
যিসকলে ৱিকিপিডিয়াত সম্পাদনা কৰিব বিচাৰে অথচ তাৰ বাবে চিন্তা কৰি আছে, তেওঁলোকক কওঁ যে ইয়াত সম্পাদনা কৰা অতি সহজ— প্ৰথমেই আপুনি এইটো কথা পুনৰ মনত পেলাওক যে ৱিকিপিডিয়া এখন বিশ্বকোষ। এতিয়া, বিশ্বকোষৰ প্ৰবন্ধ এটাত কেনে বিষয়-বস্তু সন্নিবিষ্ট কৰি তাৰ আয়তন বৃদ্ধি কৰিব লাগে বা বিশ্বকোষত কেনে ধৰণৰ প্ৰবন্ধ লিখিব লাগে তাৰ বিষয়ে আপুনি নিশ্চয় প্ৰায় সম্পূৰ্ণৰূপে জ্ঞাত; গতিকে আপোনাৰ হাতত থকা সমলেৰে লিখিবলৈ আৰম্ভ কৰক আৰু আপুনি ক’ৰ পৰা (কোনটো প্ৰবন্ধ, কোনটো ৱেবছাইট বা কোনখন ৱেব-আলোচনীৰ পৰা) উৎসটো লৈ সেইখিনি লিখিছে তাক আপোনাৰ লেখাখিনিৰ শেষৰ পিনে <ref>[]</ref> এই ক’ডটো দি ইয়াৰ [] ৰ ভিতৰত লিখি দিয়ক। গোটেই কামটোৰ বাবে আপুনি প্ৰথমে ‘edit’ option টোত ক্লিক কৰক আৰু লেখা কামটো হোৱাৰ পাছত ‘Save Page’ optionত ক্লিক কৰক। MS Word আদিত প্ৰথমে লিখি লৈ সেইখিনি copy কৰি পিছত ৱিকিপিডিয়াৰ পৃষ্ঠাত paste কৰিও সম্পাদনা কৰিব পাৰে। —এয়াই এটা সহজ আৰম্ভণি। ইয়াৰ লগে লগে লাহে লাহে আপুনি ৱিকিপিডিয়াৰ যিখিনি নীতি-নিয়ম আছে সেইখিনি শিকি যাব পাৰিব। অৱশ্যে, কোনোবাই প্ৰথমেও সেই নীতি-নিয়মবোৰ শিকি ল’ব পাৰে। নীতি-নিয়মখিনিত এবাৰ চকু ফুৰাই লৈ হাতে-কামে লাগি গ’লে তাক ভালকৈ বুজি উঠিব পাৰিব। ৱিকিপিডিয়াত পুৰণি সদস্যই সহায়-সহযোগ আগবঢ়োৱাৰ এক সুন্দৰ পৰম্পৰা আছে। গতিকে কোনো সংকোচ কৰাৰ প্ৰয়োজন নাই।
ৱিকিপিডিয়াত লিখাৰ প্ৰয়োজনীয়তা আৰু লিখাৰ নিয়ম সম্পৰ্কীয় অঞ্জল বৰাৰ এটা অতি সৰু টোকা— মাথোঁ ২৫০-৩০০ মান শব্দৰ এটা টোকা পঢ়িয়েই মই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ আৰম্ভ কৰিব পাৰিছিলো। গতিকে ই বহুতে ভবাৰ দৰে কষ্টকৰ কাম নহয়।
মাথোঁ কেইগৰাকীমান সক্ৰিয় সদস্যৰ অবদানেৰে অসমীয়া ৱিকিপিডিয়া এতিয়া যথেষ্ঠখিনি সমৃদ্ধ হৈছে যদিও অধিক সংখ্যাক অসমীয়া এইবোৰ কামত ওলায় নহা বাবে অসমীয়া ৱিকিপিডিয়া আনবোৰ ৱিকিপিডিয়াতকৈ সদায় পিছ পৰি আছে। আৰু যিসকল সক্ৰিয় সদস্য ইয়াত আছে তেওঁলোকৰ প্ৰায় সকলোৱেই নিজৰ বৃত্তিগত বা শৈক্ষিক ক্ষেত্ৰতো আন বহুতৰ বাবে আদৰ্শ হ’ব পৰাৰ পাছতো ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ সময় উলিয়াব পাৰিছে। এই চেগতে সেই সক্ৰিয় সদস্য সকলক অভিনন্দন আৰু ধন্যবাদ জনালো।
অসমীয়া ৱিকিপিডিয়াত মোৰ অৱদানসমূহ ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
xobdo.org এখন বহুভাষিক অনলাইন (সঁতাৰ) অভিধান। বিশেষকৈ অসমীয়া নেটিজেনসকলৰ বাবে ই যথেষ্ঠ নিৰ্ভৰযোগ্য অভিধান। ইয়াত মই কিছু শব্দ-শব্দাৰ্থ আৰু ফকৰা যোজনা সংযোগ কৰিছোঁ। এইয়া অতি সীমিত। আগলৈ ইয়াত অধিক শব্দ সংযোগ কৰা ইচ্ছা আছে।
জাহ্নৱী” হ’ল এটি ৱৰ্ড প্ৰচেছৰ।
লিখিব বিচৰা শব্দৰ স্বয়ংক্ৰীয় নিৰ্দেশনা, ভুল শব্দৰ ইংগিত প্ৰদান, বানান পৰীক্ষণৰ সুবিধা, জাহ্নৱী নামৰ এখন কী-ব’ৰ্ড, প্ৰায় এহেজাৰ ফকৰা-যোজনা আৰু জতুৱা ঠাঁচৰ সংগ্ৰহ আদিৰে— ইউনিক’ড প্ৰণালীৰে দ্ৰুতভাৱে অসমীয়া (তথা ইংৰাজী) লিখিব পৰা এটি ৱৰ্ড প্ৰচেছৰ— জাহ্নৱী। ইয়াত বৰ্তমান প্ৰায় ২.৫ লাখ মূল শব্দ (প্ৰত্যয়, বিভক্তি, সৰ্গ আদি যোগ নোহোৱা শব্দ) ৰ অন্তৰ্ভুক্ত হৈ আছে। ইউনিক’ডত অসমীয়া লিখিব পৰা সকলো কী-ব’ৰ্ডৰ সহায়তেই ইয়াত লিখিব পৰি। “জাহ্নৱী”ৰ ৱেবছাইট jahnabi.org ৰ পৰা ইয়াক বিনামূলীয়াকৈ ডাউনল’ড কৰিব পৰি। এই চফ্টৱেৰটোৰ প্ৰথম সংস্কৰণ (Version 1.0) ২০১৩ চনৰ ২৫ নৱেম্বৰ তাৰিখে মুকলি কৰা হয়। চফ্টৱেৰটোৰ পৰৱৰ্তী সংস্কৰণত আন বহুতো সুবিধা আগবঢ়োৱা হৈছে, আৰু ইয়াৰ অধিক উৎকৰ্ষৰ বাবেও সময়ে সময়ে কাম কৰি থকা হৈছে। শেহতীয়াভাৱে, উইণ্ড’জ ফোনত অসমীয়া লিখিবলৈয়ো জাহ্নৱী-দলে একে নামৰে এটা এপ নিৰ্মাণ কৰিছে।
এই প্ৰকল্পত মই সামান্য বৰঙণি আগবঢ়াইছোঁ।
Jahnabi-screenshot
Jahnabi-Wallpaper
Jahnabi-word processor

Leave a Reply

Your email address will not be published. Required fields are marked *

Post comment