লেখকে উত্থাপন কৰিছে লোকমানসত সততে অৱহেলিত হৈ অহা এটা বিষয় : এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ বাগৰি অহা generational trauma, যাৰ হতাশাত পিষ্ট হ’বলৈ বাধ্য হৈছে অলিন্দৰ দৰে বহুজন। যি বিশৃঙ্খলতাৰ পৰা আমাৰ প্ৰজন্মও সাৰি যোৱা নাই। কিতাপখন পঢ়ি খুব ভাল লাগিল, লগতে অস্থিৰ হৈ পৰিলোঁ। কাফকা (Franz Kafka) ই কৈছিল, “A book must be the axe for the frozen sea within us.” সেই ক্ষেত্রত লেখক সফল হৈছে।
— ডা৹ অন্বেষা ফুকন
ঘৰৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে এটি শিশুৰ মনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে তাৰ কাল্পনিক ৰূপ পঢ়িবলৈ পালো পূৰ্ণাংগ উপন্যাস ‘কুলাংগাৰ’খনত। সমাজৰ বহু কথাই সাঙুৰিব বিচৰা এই উপন্যাসখনে প্ৰশ্ন কৰিবলৈ সহায় কৰিব বৰ্তমানো বৰ্তি থকা এনে অযুক্তিকৰ নীতি-নিয়মক। কাহিনীৰ দৃষ্টিত আটাইতকৈ ভাল লাগিল পৰিৱেশে সলনি কৰি গৈ থকা মূখ্য চৰিত্ৰটি। আৰম্ভণি আৰু সামৰণিৰ মাজত এই চৰিত্ৰটিৰ বহু পাৰ্থক্য থাকিলেও কাহিনীয়ে এনেদৰে ধৰি ৰাখিছে যে পৰিৱৰ্তনবোৰ স্বাভাৱিক যেন লাগে। সমাজৰ লগতে শিক্ষা-ব্যৱস্থাত প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ চলি থকা ভিতৰভাগৰ কিছু আভাস দিবলৈও চেষ্টা কৰিছে উপন্যাসখনে। প্ৰশ্ন হয়, কুলাংগাৰৰ কথা সঁচা হ’লে এনে সমাজ আৰু শিক্ষা-ব্যৱস্থাৰ ফলত ভৱিষ্যত প্ৰজন্মৰ পৰা আমি কেনেকৈ ভাল ফলাফল পোৱাৰ আশা কৰিব পাৰোঁ?
— অৰুণাভ গগৈ
পংকজ দাই কিবা এটা পুনৰীক্ষণৰ দায়িত্ব দিম বুলি কোৱাৰ লগে লগে মুঠেও ধাৰণা কৰা নাছিলোঁ যে এখন প্ৰকাণ্ড উপন্যাসৰ কথা কোৱা হৈছে। কাহিনীৰ বিষয়বস্তুৰ লগত মন খাপ খুৱাওঁতে প্ৰথম অধ্যায়ত মোৰ কিছু সময় লাগিল, আৰু বেছি মনোযোগ দি পঢ়িব লগা হ’ল। পাছৰ অধ্যায়বোৰ গতিশীল, ঘটনাবোৰ এটাৰ পাছত এটাকৈ খুব মসৃণভাৱে আগবাঢ়ি গৈছে। কিন্তু প্ৰথম অধ্যায়টো যেন এখন স্থিৰ চিত্ৰ, য’ত পৰিচয় দিয়া হৈছে, আৰু লগতে পৰিৱেশৰ লগত আমাক চিনাকি কৰাই দিয়া হৈছে। লগতে ভাষাও বাকী অধ্যায়কেইটাতকৈ সামান্য বেলেগ।