গ্ৰন্থসমূহ

দুৰ্গম যাত্ৰা, যুগান্তকাৰী অন্বেষণ আৰু সাধাৰণ মানুহ অসাধাৰণ হৈ উঠাৰ আখ্যান

“আক্ষৰিক অৰ্থতে পংগুৰ গিৰি লংঘন! তদুপৰি আছে কেইবাজনো মহান বিজ্ঞানী, অভিযন্তা, গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী, অভিযাত্ৰী, সমাজ কৰ্মী আদিৰ জীৱন-কাহিনী; তেওঁলোকৰ সন্ধান-উদ্ভাৱন-আৱিষ্কাৰসমূহৰ কথা; কিহে তেওঁলোকক পৃথক কৰি তুলিলে সেই কথা। যিসকলৰ কেইবাজনেও এতিয়াও পৃথিৱীত তেজ-মঙহৰ শৰীৰেৰে নিজ কৰ্মত ব্ৰতী হৈ আছে। নিজৰ সাধনাৰে তেওঁলোকে কেনেদৰে জগতখন সুন্দৰ হোৱাত সহায় কৰিছে, কেনেদৰে অজস্ৰজনক দিছে সুন্দৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰেৰণা আৰু দিক্ নিৰ্দেশনা; তেওঁলোকৰ উদ্যম, সৃষ্টিশীলতা, নিজক অতিক্ৰম কৰাৰ সাহস, অদম্য দৃঢ়তা, নিজৰ সৃষ্টিৰ প্ৰভাৱ আৰু তাৰ অনবদ্য সৌন্দৰ্য উপভোগৰ দুৰ্বাৰ হেঁপাহ — এনে কিছু কাহিনী লিপিবদ্ধ হৈছে ‘প্ৰতিভাৰ উৎস’ত। যিবোৰ কাহিনীয়ে আপোনাক দিব পাৰে কিবা এটা নতুনকৈ ভবাৰ, কিবা এটা নতুন সৃষ্টি কৰাৰ বাসনা। শান্ত সাগৰৰ গভীৰতো সুতীব্ৰ স্ৰোত থকাৰ দৰে ক্লীৱ-জীৱন ধাৰাত অভ্যস্তজনৰ মাজতে লুকাই থকা সম্ভাৱনাক বিচাৰি চাবলৈ এইসমূহে উদ্বুদ্ধ কৰিব। নিজেই নিজক ক’ব পাৰিব, ‘Make brilliance a habit.’”

— শান্তনু কৌশিক বৰুৱা

“While reading it, I felt like wearing a sweater of multihued woollen threads. Words are knitted well with immaculate literary precision. A beautiful and inspiring journey of a diverse gamut of emotions across latitude and longitudes. It seemed like a prism, splitting the varied colours of each achiever in the best possible perspective. The book shall surely catalyse endeavours of the young generation to strive for excellence.”

– Dr. Rocktotpal Konwarh

প্ৰকাশক

সঞ্জীৱন প্ৰকাশন, গুৱাহাটী

Sanjiwan Prakashan, Near Mangal Chandi Than,

Birkuchi, Narengi, Guwahati 781 026

WhatsApp number: 9435404588

কুলাংগাৰ

(উপন্যাস)

মুঠ পৃষ্ঠাঃ ৭১০

“নায়ক অলিন্দৰ নিৰ্লিপ্ত, নিৰপেক্ষ দৃষ্টিত নানা পৰম্পৰাগত বৈষম্য, নিষ্ঠুৰ প্ৰথা, অৱদমন আৰু কপটালিক সজীৱ চিত্ৰায়নেৰে পাঠকৰ মন-মগজু আকৰ্ষণ কৰা এখন বৃহদাকাৰ গ্ৰন্থ। আকাৰটো কিছু কমাব পাৰিলেহেঁতেন।

কিন্তু পৰম্পৰাৰ জয়গান চলি থকা অৱস্থাত তেনে মূল্যবোধৰ অৱক্ষয় তথা অসাৰতা আৰু সি ঘটোৱা মানৱতাৰ অৱমাননা লেখকে যথেষ্ট কুশলতাৰে দাঙি ধৰিছে।”

— ড৹ হীৰেন গোহাঁই

“কুৰি শতিকাৰ শেষৰ দশক দুটাৰ পৰা একবিংশ শতিকাৰ প্ৰায় দুটা দশকলৈ অসমৰ সমাজ, সংস্কৃতি, পৰম্পৰা, শিক্ষা, বংশানুক্ৰম, পাৰস্পৰিক সম্পৰ্ক আদিলৈ অহা পৰিৱৰ্তন, সংঘাত, অৱক্ষয় আদিক লৈ লিখা হৈছে এইখন উপন্যাস। ইয়াত শিশুৰ মনস্তত্ত্বৰ পৰা ডাঙৰৰ কাৰ্য-পৰম্পৰালৈকে সমানে বিস্তৃত।

বাহিৰৰ শত্ৰুলৈ অনাহক শংকাত থাকোঁতেই ভিতৰৰে বীভৎস পৰিৱেশত ডাঙৰ হয় নতুন প্ৰজন্মৰ বহুজন। সমাজৰ ভিতৰৰ দোষতে ভুক্তভোগী হৈ হতাশা বা অভিমানত হেৰাই যায় বহু প্ৰতিভা। তাৰ লগত থাকে ৰাজনৈতিক পৰিস্থিতিয়ে দিয়া সুযোগ, যাৰ প্ৰভাৱত সমাজৰ মানুহবোৰে কৰা অৰ্থহীন যুঁজে কৰুণ পৰিণতি লৈ আনে বহুজনক।

বানপানী, মাজুলীৰ চাপৰিৰ খহনীয়া, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অসৎ শিক্ষক, যৌন নিৰ্যাতন, শিশু নিৰ্যাতন, কোনো সত্ৰৰ স্খলন, দক্ষিণাৰ লোভ, ভেদাভেদ, ভণ্ড সাংস্কৃতিক কৰ্মী, ভুৱা আভিজাত্য, প্ৰদৰ্শনকামিতা, ছাত্ৰ-ৰাজনীতি, প্ৰেম, প্ৰকৃতিৰ ৰূপ আদি বিবিধ প্ৰসংগৰ নানা কাহিনী-উপকাহিনী উপন্যাসখনত তুলি ধৰা হৈছে।”

— প্ৰীতিমা কৌশিক বৰুৱা

অংকৰ প্ৰতি ভয় দূৰ কৰিবলৈ, বহু অংক সোনকালে কৰিব পৰা হ’বলৈ, ভৱিষ্যতে ক’ত ক’ত পুনৰ অংক প্ৰয়োজন তাক বুজিবলৈ, ছাত্ৰ-ছাত্ৰীৰ দিক দৰ্শনকাৰী নিৰ্ভৰযোগ্য হাতপুথি।

হাইস্কুলীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ কিছু কামত আহিব পৰা এখনি কিতাপ। শ্ৰেণীকোঠাত স্বাভাৱিকভাৱেই ৰৈ যোৱা কিছুমান সৰু সৰু অথচ গুৰুত্বপূৰ্ণ খুঁত দূৰ কৰাত কিতাপখনে সহায় কৰিব। ইয়াৰ কিছু কথা হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰী, কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰো কামত আহিব। অংক বিষয়টো শিকিবলৈ এগৰাকী ছাত্ৰ-ছাত্ৰীৰ মনোবৃত্তি কেনে হোৱা উচিত? চেষ্টা কিমান হোৱা উচিত? বহীত লিখা কথাখিনি আনক পতিয়ন নিয়াবলৈ প্ৰতিটো ষ্টেপত কিমান যুক্তি থকা উচিত? সৰু সৰু কেনেধৰণৰ কথাত মন দিয়া উচিত? এনেধৰণৰ কথাবোৰৰ সম্পৰ্কে কিতাপখনৰ পৰা কিছু ধাৰণা লাভ কৰিব।

সহযোগিতামূলক অৱদান

সংক্ষিপ্ত অসম বিশ্বকোষ

মুঠ ৫টা খণ্ডৰ বিশ্বকোষখনৰ প্ৰথমটি খণ্ড

অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি প্ৰথম খণ্ডত আছে প্ৰায় ১০০০ অসম বিষয়ক প্ৰৱিষ্টি

সন্নিবিষ্ট হৈছে আপুৰুগীয়া খবৰ, ৰেকৰ্ড, পৰিসংখ্যা, তালিকা, আলোকচিত্ৰ, মানচিত্ৰ, ৰেখাচিত্ৰ…

● Master Guide for BEd Common Entrance Test [English] [1200+ MCQ]

 

● Master Guide: Multiple Choice Questions & Answers
         (বহুবিকল্পী প্ৰশ্নোত্তৰ) [English & Assamese] [2700+ MCQ]

 

সম্পাদক: শান্তনু কৌশিক বৰুৱা

 

প্ৰকাশক: জ্যোতি প্ৰকাশন

গাণিতিক অভিযান আৰু উদ্ভাৱন

.

.

.

.

.

.

.

প্ৰচেষ্টাৰত…

.

.

.

.

বিজ্ঞান…

.

.

.

.

.

.

.

.

.

.

প্ৰচেষ্টাৰত…

.

.

.

.

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Post comment