আমি নিজে কেৱল আমাৰ কাৰ্যকৰী সম্ভাৱনীয়তা (Potential)ত গুৰুত্ব দিয়া দৰকাৰ; কাৰণ আমাৰ সম্ভাৱনাহীনতাক গুৰুত্ব দিবলৈ গোটেই বিশ্বখন পৰি আছে।

We need to focus only on our effective potential; because the whole world is left behind to target our incapabilities.

পৃথিৱীত যদি নিজৰ বাহিৰে এজনো মানুহ নাথাকিলহেঁতেন, তেন্তে আমি আজি কৰি থকা কামবোৰৰ সলনি কিছুমান বেলেগ কামহে কৰিলোহেঁতেন। অৰ্থাৎ, আমি সৰহভাগ কামেই আনৰ পৰিপ্ৰেক্ষিতত কৰিব লগা হয়। গতিকে, আমি কেনেধৰণৰ মানুহৰ পৰিপ্ৰেক্ষিতত আমাৰ কামবোৰ কৰিম তাৰ সম্পৰ্কে এটা স্বচ্ছ ধাৰণা ৰখাৰ প্ৰয়োজন।

আমাৰ চাৰিওফালে উন্মাদ, চিনিক বা ৰুচিবোধহীন মানুহেৰে ভৰি থকাৰ সময়তো আমি মনতে এখন সুস্থিৰ সমাজ গঢ়ি বাস কৰিব পাৰোঁ, যেনেদৰে গ্ৰীষ্মৰ প্ৰচণ্ড ৰ’দত থাকিও কোনো এখন নাতিশীতোষ্ণ গাঁৱৰ ৰূপ কল্পনা কৰি আমি সুখী হ’ব পাৰোঁ। মোৰো কল্পনাত তেনে এখন সমাজ আছে।

এটা জাতিৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বহন কৰি নিবলগীয়া গুণসমূহ আৰু কোনো এটা প্ৰজন্মৰ মাজত অভ্যাসত পৰিণত হ’বলগীয়া গুণসমূহ চৰ্চাৰ ক্ষেত্ৰত আৰু সেইসমূহ বহন কৰাৰ ক্ষেত্ৰত প্ৰতিজন মানুহে বহুত কৰিবলগীয়া থকা নিচিনাকৈ ময়ো মোৰ বৰঙণি আগবঢ়াব বিচাৰোঁ। সেই সমাজখনৰ লগত এক অদৃশ্য যোগসূত্ৰ স্থাপন, কিছুমান কাৰিকৰী কথা শিকা, কৰাৰ পৰিকল্পনা থকা কামবোৰ কৰা নোহোৱাকৈ থকাৰ কথা নিজক সোঁৱৰাই দিয়া, নিজৰ ব্লগটোৰ আৰ্হিটো অধিক মনোগ্ৰাহী আৰু সুসজ্জিত কৰা, নিজৰ কিছুমান কামৰ খতিয়ানৰ লগতে আনৰ কিছুমান ভাল কামৰ বিজ্ঞাপন দিয়া আৰু নিজৰ ঘৰখন নিজৰ মতে সুন্দৰকৈ সজোৱা নিচিনাকৈ নিজৰ এটা ৱেবছাইট সুন্দৰকৈ সজোৱাৰ উদ্দেশ্যে এই ৱেবছাইটটো সজা হৈছে।

If we were alone in this world, we perhaps would not have been doing the same things we are doing now. That is, we have to do most of things keeping in view the perspectives of the society around us. Thus, we need to have a clear view regarding the kind of people on which we will work.

Despite having some crazy, cynical or insensitive people amongst us, we could still create a convivial society around us much like the way we can imagine a mellow village even under the cruel summer heat. I too have such a society in my imagination.

I would like to play a vital role in the way an individual plays towards the endurance of certain qualities from one generation to the next or in turning certain qualities into habits in a society. This website was created to make an invisible nexus with this society, to learn some technical details, to remind me about the unfinished things to do, to transform my blog into an exciting and well-organized format, to describe the good deeds done by me and advertising that of others, and finally to plan this website in a way we plan our own beautiful house.

– পংকজ জ্যোতি মহন্ত৷

Pankaj Jyoti Mahanta.

শেহতীয়া লেখা »→

বিষয়:

  • বিজ্ঞান-প্ৰযুক্তি
  • গণিত-বিজ্ঞান
  • সমাজ
  • অনুপ্ৰেৰণা
  • ব্যঙ্গ
  • টোকাবহী
  • অন্যান্য

গণিত বিকাশ

সম্পাদক (জুলাই, ২০২০ –)

‘অসম গণিত শিক্ষায়তন’এ প্ৰকাশ কৰা ত্ৰৈমাসিক আলোচনী

১৯৮৭ চনৰ পৰা প্ৰকাশ পাই অহা (২০২০ চনলৈকে ছমহীয়াকৈ) আলোচনীখনৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক

বিজ্ঞান জেউতি

সম্পাদনা সমিতিৰ সদস্য (জুন, ২০২১ -)

‘অসম বিজ্ঞান সমিতি’এ প্ৰকাশ কৰা দ্বিমাসিক আলোচনী

আলোচনীখনৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক

“গণিত চ’ৰা এটা অতি প্ৰশংসনীয় পদক্ষেপ। নৱ-প্ৰজন্মৰ মাজত গণিতৰ প্ৰতি আগ্ৰহ জন্মোৱা আৰু ভৱিষ্যতে সেই আগ্ৰহক দিকদৰ্শোৱাৰ ক্ষেত্ৰত গণিত চ’ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। গণিত চ’ৰা যিহেতু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই পৰিচালিত, গতিকে এই চ’ৰাই উঠি অহা চামৰ মনোজগতত সহজে প্ৰৱেশ কৰিব পাৰিব বুলি মই ভাবোঁ। এই চ’ৰাৰ উদ্যোক্তাসকললৈ মোৰ হিয়াভৰা অভিনন্দন তথা শুভেচ্ছা থাকিল।”

অনুপম শইকীয়া, ৰেংলাৰ (ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়),

 অধ্যাপক, গণিত বিভাগ, আইআইটি গুৱাহাটী।

“The website is a real boon for maths enthusiasts and a pleasant surprise for those who break into a sweat at the very mention of algebra and trigonometry in school. In Assamese and English, it incorporates news, articles, cartoons, interviews, reviews, quiz, a problem-solving section and more.”

Alipta Jena.

Senior assistant editor, The Telegraph, Kolkata.

“কাৰিকৰী দিশেৰে যদি আমি ৱেবছাইটটো চাওঁ তেন্তে ই এক যথেষ্ঠ উন্নতমানৰ ৱেবছাইট। আটকধুনীয়া মূল পৃষ্ঠাৰে ইয়াৰ প্ৰতিটো শিতানেই শৃংখলাবদ্ধভাৱে সজ্জিত কৰা হৈছে। প্ৰতিটো লেখনীৰ তলত লেখাটোৰ সন্দৰ্ভত মন্তব্য তথা বিষয়বস্তুৰ আলোচনা কৰিব পৰা এক সুব্যৱস্থাও ইয়াত ৰখা হৈছে। কেৱল গণিত বিষয়ক এক ৱেবছাইট নিৰ্মাণ কৰি উলিওৱাটো নিশ্চিতভাৱে এক অভিনৱ পদক্ষেপ। আশা কৰোঁ গণিত চ’ৰা ইণ্টাৰনেট জগতত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈ ৰ’ব আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গণিতৰ ক্ষেত্ৰখনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি থাকিব।”

হিমজ্যোতি তালুকদাৰ।

প্ৰতিষ্ঠাপক, এনাজৰী ডট কম।

“It’s very difficult to run a website consistently publishing good articles. You all are doing a great job!”

Prof. Mangesh B. Rege.

Retired professor, Department of Mathematics, NEHU.

National Co-ordinator for International Mathematical Olympiad (IMO).