ৱেবচাইটটোৰ বিষয়ে
পৃথিৱীত যদি নিজৰ বাহিৰে এজনো মানুহ নাথাকিলহেঁতেন, তেন্তে আমি আজি কৰি থকা কামবোৰৰ সলনি কিছুমান বেলেগ কামহে কৰিলোহেঁতেন। অৰ্থাৎ, আমি সৰহভাগ কামেই আনৰ পৰিপ্ৰেক্ষিতত কৰিব লগা হয়।
গতিকে, আমি কেনেধৰণৰ মানুহৰ পৰিপ্ৰেক্ষিতত আমাৰ কামবোৰ কৰিম তাৰ সম্পৰ্কে এটা স্বচ্ছ ধাৰণা ৰখাৰ প্ৰয়োজন।
আমাৰ চাৰিওফালে উন্মাদ, চিনিক বা ৰুচিবোধহীন মানুহেৰে ভৰি থকাৰ সময়তো আমি মনতে এখন সুস্থিৰ সমাজ গঢ়ি বাস কৰিব পাৰোঁ, যেনেদৰে গ্ৰীষ্মৰ প্ৰচণ্ড ৰ’দত থাকিও কোনো এখন নাতিশীতোষ্ণ গাঁৱৰ ৰূপ কল্পনা কৰি আমি সুখী হ’ব পাৰোঁ। মোৰো কল্পনাত তেনে এখন সমাজ আছে।
এটা জাতিৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বহন কৰি নিবলগীয়া গুণসমূহ আৰু কোনো এটা প্ৰজন্মৰ মাজত অভ্যাসত পৰিণত হ’বলগীয়া গুণসমূহ চৰ্চাৰ ক্ষেত্ৰত আৰু সেইসমূহ বহন কৰাৰ ক্ষেত্ৰত প্ৰতিজন মানুহে বহুত কৰিবলগীয়া থকা নিচিনাকৈ ময়ো মোৰ বৰঙণি আগবঢ়াব বিচাৰোঁ।
সেই সমাজখনৰ লগত এক অদৃশ্য যোগসূত্ৰ স্থাপন, কিছুমান কাৰিকৰী কথা শিকা, কৰাৰ পৰিকল্পনা থকা কামবোৰ কৰা নোহোৱাকৈ থকাৰ কথা নিজক সোঁৱৰাই দিয়া, নিজৰ ব্লগটো আৰ্হিটো অধিক মনোগ্ৰাহী আৰু সুসজ্জিত কৰা, কিছুমান খতিয়ানৰ জড়িয়তে নিজৰ কিছুমান কাম আৰু আনে কৰা কিছুমান ভাল কামৰ বিজ্ঞাপন দিয়া আৰু নিজৰ ঘৰখন নিজৰ মতে সুন্দৰকৈ সজোৱা নিচিনাকৈ নিজৰ এটা ৱেবছাইট সুন্দৰকৈ সজোৱাৰ উদ্দেশ্যে এই ৱেবছাইটটো বনোৱা হৈছে।
Read Moreপ্ৰজ্ঞাৰ পোহৰ
* নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব? (গ্যেটে)
* মই যদি পৰকালৰ কথা ভাবি সময় কটালোঁহেঁতেন, তেনেহ’লে এইখন পৃথিৱীৰ পৰা মই যিমান জ্ঞান আৰু আনন্দ আহৰণ কৰিছোঁ সিমানখিনি কেতিয়াও কৰিব নোৱাৰিলোঁহেঁতেন। (জন বাৰোজ)
* কোনো নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনাবিষ্কৃত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই। (হেলেন কেলাৰ)
* যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। (লৰ্ড চেষ্টাৰফিল্ড)
* জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলো। (শ্বাহৰুখ খান)
* একোজন লোক কেবাবাৰো ব্যৰ্থ হ’ব পাৰে, পিছে ইয়াৰ বাবে তেওঁ কাৰোবাক দোষাৰোপ কৰিবলৈ নোলোৱালৈকে তেওঁক ব্যৰ্থ হোৱা বুলি ক’ব নোৱাৰি। (জে. পল গেট্ৰী)
* কাৰোবাক এপাহ গোলাপ দিয়া হাতখনত অলপ হ’লেও সুগন্ধ লাগি ৰয়। (চীনা প্ৰবচন।)
* ...তোমালোকে ঢোলৰ মাত বন্ধ কৰিব পাৰিবা, তোমালোকে বীণৰ তাঁৰ ঢিলা কৰি দিব পাৰিবা, কিন্তু তোমালোকৰ কোনে নো স্কাইলাৰ্ক পখীক গীত নাগাবলৈ আদেশ দিব পাৰিবা? (খলিল জিব্ৰান।)
* ফল এটাই নিশ্চয় শিপাক ক’ব নোৱাৰে “তুমি মোৰ দৰে হোৱা, আৰু পৰিপূৰ্ণ আৰু পৰিপক্ক হৈ তোমাৰ প্ৰাচুৰ্য বিলাই দিয়া।” (খলিল জিব্ৰান।)


